Grid View
List View
  • prymbda 19w

    Word Prompt:

    Write a 10 word micro-tale on Earth

    Read More

    The earth need trees, oxygen and we need pollutionfree world

  • prymbda 25w

    প্ৰবুদ্ধ প্ৰকৃতি

    ম্লান এন্ধাৰ নেওচি
    ৰ'দালি তই,
    সোণবৰণীয়া সাজেৰে
    প্ৰকৃতি মই।

    ঊষাৰ শুভক্ষণৰ
    অৰুণৰ ৰাঙলী ছবিয়ে,
    আলোক সন্ধানী মানৱৰ 
    হৃদয় জিনিলে।

    প্ৰাণ ঢালি গাই যাওঁ
    সংগীত প্ৰাতঃ বাণী,
    আজি দেখোন ৰাগ-তাল নাই
    মই নিৰুপায় প্ৰকৃতি।

    শোষিত, অৱহেলিত মই,
    সন্তান মানৱৰ হাতত,
    নিসুতি হৈ অক্ষিকণা সৰে মোৰ
    জোনাকী নিশা তন্দ্ৰা ভাগৰত।

    বিলাসীতা স্বপ্নছায়াত মগ্ন দস্যু মানৱআজি
    সপোন সাগৰৰ কল্প সুৰত,
    নিঠৰুৱা প্ৰকৃতি মই হওঁ জাগৰিত
    দুৰ্নিবাৰ গতিত দাম্ভিক ৰূপত,
    ধুমুহা, খহনীয়া, মহামাৰীকে আদি কৰি,
    ভূঁইকম্পনে কেওফালে বেৰি ধৰি,
    প্ৰকৃতি মই আজি
    মা কালীৰ সাজত।

    হে মহামানৱযন্ত্ৰ !
    হওঁক সাৱধান,
    আকাশবাণীয়ে দি যায় সতৰ্কমন্ত্ৰ
    জাগ্ৰত প্ৰকৃতিয়ে কঁপায় বৰ্তমান।

    ___ প্ৰিয়ম্বদা কাশ্যপ।

    Read More

    Nature

  • prymbda 28w

    ব'হাগীৰ চিঠি-২

    মৰমৰ অসমী,
    মৰম ল'বি,
    সেই যে পুনৰ উভতাৰ প্ৰতিশ্ৰুতি দিছিলো
    প্ৰতিশ্ৰুতি পুৰণৰ ইচ্ছাৰে
    ধৰনীৰঙিলী কৰি
    ঢোলত ৰগৰ তুলি
    আগলী বাঁহৰ গগনাৰ ধ্বনি
    ঢেকীৰ গুম-গুমনি
    তাঁতৰশালত মাকোৰ গীতিমালী
    কুলি আইৰ শুৱলা কণ্ঠজুৰি
    ৰচকী পমিলী চিতপখিলীৰ
    খোপাৰ শুৱনি কপৌ পাহি
    ৰিহা, জোনবিৰি, ঢোলবিৰি
    থুৰিয়া তামোলখনি
    চেনাই লৈ বুলি বিহুৱানখনি
    আনিছো সাদৰেৰে আই
    আশা কৰোঁ এই সকলোবোৰ ল'বি আঁকোৱালি।

    ইতি,
    প্ৰতিশ্ৰুতি পুৰণৰ ইচ্ছাৰে
    মৰমৰ ব'হাগী।
    ©prymbda

  • prymbda 28w

    জাননী

    কুলিটিৱে গীত জুৰিলেই
    ঢোল পেপা গগনাৰ সুৰ বাজিলেই
    তাঁতৰশালত মাঁকোৱে মাত লগালেই
    গছজুপিৰ দেহাত কপৌ ফুলিলেই
    ঘৰে ঘৰে ঢেকিয়ে সুৰ তুলিলেই।

    অ' হেৰৌ বাপনাথৰ জীয়েক
    বোলো শুনিছনে
    বাপতি সাহোন ব'হাগ হেনো পালেহিয়েই
    আহ ঐ ওলাই আহ!
    দেহাত ৰিহা, গলত জোনেবিৰি
    খোপাতে কপৌ ফুল দিমে মই গুজি
    অ' বোলো শুনিছনে
    খোপাতে কপৌ ফুল দিমে মই গুজি
    মোলৈ আনিবি চেনেহৰ বিহুৱান খনি।

    বৰ বৃক্ষৰ তলত থাকিমে ৰৈ
    ঢোলেটি লৈ
    আহিবি ঐ চেমনীয়া
    এপাক নাচিম বিহুৰে তলিত
    অসমীয়াৰ নৱ বৰ্ষৰ শুভকামনাৰে
    আলোকৰ জ্যোতিৰে জ্যোতিৰ্ময় হওঁক
    অসমীয়া জাতি, সংস্কৃতিৰ ভেটি।


    ©prymbda

  • prymbda 28w

    When you think you only right then you will know that you are a great fool
    ©prymbda

  • prymbda 30w

    নিয়ৰ তোমাৰ বাবে

    নিয়ৰ কণা সৰে
    পুৱাৰ বেলিটিয়ে
    কৈ যায়
    নিয়ৰ তোমাৰ বাবে...

    ধৰিত্ৰীৰ ধৱলী ধাৰণ
    দুপৰৰ সূৰুযে
    কৈ যায়
    ধৰিত্ৰীৰ পিত আভৰণ...

    প্ৰকৃতিৰ পক্ষীকূলেপাখি মেলিলে
    আবেলিৰ অস্তগামী ৰবিয়ে
    কৈ যায়
    প্ৰকৃতিৰ সেউজে মেলানি মাগিলে..

    জোনাকীৰ ঢিকমিক আলোকৰ জ্যোতি
    সন্ধ্যাৰ হাটীপতিয়ে
    কৈ যায়
    জোনাকী ধৰাৰ চিকিমিকি ৰাতি...

    নিস্তব্ধ ধৰণীৰ মানৱ জাতি
    মাজ নিশাৰ জোনটিয়ে
    কৈ যায়
    নিস্তব্ধতাৰ মাজত ফেঁচাৰ কৰুলি...

    পুনৰ,
    নিয়ৰ কণা সৰে
    পুৱাৰ বেলিটিয়ে
    কৈ যায়
    নিয়ৰ তোমাৰ বাবে...

    চিৰ প্ৰভাতৰ,
    চিৰ সেউজৰ,
    যুগ যুগান্তৰৰ,
    পূৰ্বৰ দৰে
    নিয়ৰ তোমাৰ বাবে...

    __প্ৰিয়ম্বদা।

  • prymbda 30w

    Home is where the heart is...

  • prymbda 30w

    বিদায় দিৱস

    অ' আই
    বিদায়ৰ দিৱস পদূলি মুখত
    পৰ্বতীয়া জুৰিটিৰ চকুলো দুধাৰি
    জনমৰ যুগমীয়া তুমি
    পিতাইৰ কুকুৰা বেচা টকাৰে
    মহানগৰলৈ বাট বুলি
    আই! বিদায়ৰ দিৱস নঙলা মুৰত।

    তুলসী তলৰ বন্তি গছি
    নিয়ৰৰ মুকুটা মণি
    আই তোৰ আচলৰ ওৰণি খনিৰ
    প্ৰতিচ্ছবিয়ে বাৰে বাৰে কৰে আমনি।

    গাঁৱৰ নিস্তব্ধ নিশাৰ
    ফেঁচাৰ কুৰুলি
    মোৰ দাম্ভিক নগৰৰ ৰাতি হয়
    যান্ত্ৰিক গতিত।

    তই খবৰ কাকতত মেৰিয়াই দিয়া
    পিঠা, লাৰু, চিৰা
    ভোকাতুৰ পেটে নিচিনে আই
    মোৰ দাম্ভিক নগৰৰ ভোজন হয়
    কৃত্ৰিমতাৰে ভৰা।

    অশৃংখল,কোলাহল,হিংসাৰ
    সমাজ
    কংক্ৰিতৰ হাবিত দানৱৰ হাঁহি
    কৃত্ৰিমতাৰ শাৰীত অভিনয়ৰ বিৰাজ
    এয়াই মোৰ নস্ত পথৰ অস্ত নগৰী।

    জাৰৰ জঠৰতাক নেওচি
    জোতাৰ এটুকুৰা লেকেটা চামৰা
    আই তই বান্ধি দিয়া একাজলি মৰমেৰে
    বাধা দিওঁ জাৰৰ ঠৰঙা।

    আই অ' !
    পিতাইৰ কুকুৰা বেচা টকাৰে
    নোজোৰে আৰু মোক
    কণ্টকাকীৰ্ণ হাবিৰ কথা
    কেনেকৈনো বুজাওঁ তোক?

    সভ্য জীৱন মোৰ
    আজি শোষিত, নিষ্পেষিত
    দানৱৰ হাতত
    লেফাফাৰ কাগজ পঠালো
    ভটিয়নীৰ সোঁতত।
    আই! এইবাৰ মোৰ বিদায়ৰ দিৱস
    অৱহেলিত নিষ্ঠুৰ দুহাতত।

    তোৰ নিঃশব্দ, নিৰস মুখখনি
    পিতাইৰ জঠৰ মৰা শুকান দেহটি চাবলৈ
    ইচ্ছাহীন হৈ মুক্ত-প্ৰাণ পখী হ'লো
    আই অ'! পিতাইক ক'বি
    এইবাৰ পিতাইৰ কুকুৰা বেচা টকাৰে
    নগৰ নহয় স্বৰ্গলৈ বাট বুলিলো বুলি।

    আইঅ'!
    আজি মোৰ বিদায়ৰ দিৱস
    মই ক্ষমাপ্ৰাৰ্থী।

    ___প্ৰিয়ম্বদা।

  • prymbda 31w

    You don't find the happy life...you have to make it

  • prymbda 31w

    I hate you jotua
    Tumi muk xodai gali xunua
    So, I don't like this type of fotua
    Oloptu xanti dia morom r jotua
    tumi mur hridoyor bhotua
    you are like a kholua
    Hee prabhu oti xunkale jotua r jibon xomapti ghotua
    beacause I hate jotua

    ️ _by prymbda_